November 14, 2018

বিদেশীৰ অপবাদত ডিটেনচন কেম্পত বন্দী কৰা এইজন লোক অসমৰ বঙাইগাঁও জিলাৰ

 Install Our app
বিদেশীৰ অপবাদত ডিটেনচন কেম্পত বন্দী এইজন লোক। হঠাৎ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি। কিন্তু চিকিৎসা গ্ৰহন কৰি থকা সময়ত হাতত হেণ্ডকাফ কিয়? এইজনতো কোনো উগ্ৰপন্থী নহয়? দুধৰ্ষ তথা কুখ্যাত সন্ত্ৰাসবাদীক কৰা ব্যৱহাৰ এইজনক কিয় কৰা হৈ আছে? যদি মানুহজন বিদেশী তেন্তে তেওঁক বিদেশত পঠিয়াই দিয়া হোৱা নাই কিয়?
এওঁ হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত গেৰুকাবাৰী গাঁওৰ আনন্দ চন্দ্ৰ বিস্বাস ৰ পুত্ৰ ৰতন চন্দ্ৰ বিস্বাস (৫২)। যোৱা ২ বছৰ ৫ মাহৰ পৰা গোৱালপাৰা ডিটেনচন কেন্দ্ৰত বন্দী । ভাৰতীয় প্ৰমান কৰিব পৰাকৈ যাবতীয় প্ৰমান পত্ৰ থকাৰ পিছতো আজি বন্দী অৱস্থাত তিলে তিলে মৃত্যুমুখলৈ গৈ আছে ৰাষ্ট্ৰৰ বলীৰ পঠা হৈ । আন হেজাৰ জনৰ নিচিনা এইজনৰো জীয়াই থকাৰ অধিকাৰ আছে মুকলি আকাশৰ তলত। হয় ভাৰতত নহয় বাহিৰৰ কোনো দেশত। কিন্তু যদি বিদেশী তেন্তে বাহিৰৰ দেশত নপঠাই এনেদৰে তিলতিলকৈ চেপি হত্যা কৰাৰ অধিকাৰ ৰাষ্ট্ৰযন্ত্ৰৰ নাই। কোনো লোকৰ প্ৰাণ তথা জীৱনক লৈ খেলা কৰাৰ অধিকাৰ কাৰো নাই। হয় আপোনাকে কৈছো! ধিক্কাৰ, গৰিহণাৰ কাম নাই। আৰু শুই নাথাকিব, আৱাজ উঠাওক, এনেদৰে এটা এটা লোকৰ প্ৰাণবায়ু তিলতিলকৈ চেপি চেপি হত্যা কৰি থকা হৈছে। জীয়াই থকাৰ অধিকাৰ মৌলিক অধিকাৰ। মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই, আৱাজ উঠাওক। তেখেতৰ মুখেৰেই শুনক সেই কাহিনী ।

Post a Comment

favourite category

...
Welcome to our website

Whatsapp Button works on Mobile Device only