May 21, 2017

নৰসিংবাৰীত ৰজাৰ কাম কৰিলে ৰাইজে

নৰশিংবাৰী : যি কাম ৰজাই কৰিব লাগে, তেনে কাম ৰাইজেই কৰি দেখুৱালে বাক্সা জিলাৰ অন্তৰ্গত নৰসিংবাৰীবাসীয়ে৷ হয়, আজি নৰশিংবাৰী কুম্ভীৰা নদীৰ দলং খন ৰাইজে নিজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰিবলৈ বাধ্য হয়। বি টি চিৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে সঘনাই মডেল বি টি চি-ৰ কথা কোৱা এয়াই মডেল বি টি চি-ৰ প্ৰকৃত স্বৰূপ৷
বাক্সা জিলাৰ গোৱৰ্দ্ধনা থানাৰ অন্তৰ্গত একেবাৰে ভিতৰুৱা নৰশিংবাৰী গাঁওখনলৈ আজিলৈকে চকু নপৰিল বি টি চি চৰকাৰ তথা ৰাজ্য চৰকাৰৰ । কিন্তু নিৰ্বাচন আহিলে এই গাঁওখনলৈ তেতিয়া সোত বয় হাজাৰ হাজাৰ ভিআইপি লোকৰ৷ চৰকাৰৰ লগতে স্থানীয়ৰ জনপ্ৰতিনিধিৰ কাণ্ডত ক্ষোভিত হৈ আজি স্থানীয় ৰাইজে নিজৰ শ্ৰমদানেৰে দলং নিৰ্মাণ কৰি কেৱল যাতায়তৰ বাবে সূচল কৰি তোলাই নহয়, সেয়া এক প্ৰতিবাদ৷ শ্ৰমদানেৰে এনেদৰে প্ৰতিবাদ কৰি স্থানীয় জনপ্ৰতিনিধি আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগক ধিক্কাৰ দিয়ে স্থানীয় ৰাইজে৷

Post a Comment

favourite category

...
Welcome to our website

Whatsapp Button works on Mobile Device only